কংগ্রেছ সাংসদক বর্খাস্ত

কংগ্রেছ সাংসদক বর্খাস্ত।যৌন নিৰ্যাতনৰ অভিযোগত মণিপুৰৰ সাংসদক বৰ্খাস্ত।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় কর্তৃপক্ষই বৰ্খাস্ত কৰিলে এ বিমল অকৈজামক।অকৈজাম কংগ্রেছ সাংসদ হোৱাৰ লগতে বিশ্ববিদ্যালয়খনৰ অধ্যাপকো আছিল।

অকৈজামৰ বিৰুদ্ধে উত্থাপন হৈছিল যৌন নির্যাতনৰ অভিযোগ।বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ কমিটিৰ তদন্তৰ পিছত এই সিদ্ধান্ত

ছাত্ৰীসকলৰ অভিযোগ অনুসৰি, অধ্যাপক আক’ইজামে শ্ৰেণীকোঠাৰ ভিতৰত তেওঁলোকক অশ্লীল তথা আপত্তিজনক মন্তব্য কৰি আহিছিল । ইয়াৰ উপৰি পৰীক্ষাত ভাল নম্বৰ দিয়াৰ প্ৰলোভন দেখুৱাই ছাত্ৰীসকলক অসৎ প্ৰস্তাৱ আগবঢ়াইছিল । আনকি বিশ্ববিদ্যালয় চৌহদত থকা তেওঁৰ বাসগৃহলৈ ছাত্ৰীসকলক মাতি নি আপত্তিজনক আচৰণ কৰা বুলিও অভিযোগত উল্লেখ কৰিছিল ।

মে’ মাহত এই ঘটনা পোহৰলৈ অহাৰ পিছত আৰু ছাত্ৰীসকলৰ অভিযোগৰ ভিত্তিত বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ সমিতিয়ে ইয়াৰ পুংখানুপুংখ তদন্ত কৰে । তদন্তত অধ্যাপকগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হোৱাত তেওঁক দোষী সাব্যস্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ পৰামৰ্শ আগবঢ়োৱা হয় । সেই অনুসৰি চিচিএছ নিয়মাৱলীৰ অধীনত শুকুৰবাৰে তেওঁক চাকৰিৰ পৰা অব্য়াহতি দিয়া হয়

Leave a Reply

Your email address will not be published. Required fields are marked *