উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি

উৎকট গৰমে দহিছে ৰাজ্য।বিগত কেইদিন প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহে ব্যাহত কৰি তুলিছে ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা । প্ৰখৰ ৰ’দ আৰু উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে ।

ইফালে কংক্ৰিটৰ গুৱাহাটী মহানগৰীত উৎকট গৰমে ব্যাহত কৰি তুলিছে স্বাভাৱিক জীৱনযাত্ৰা ।এনে অভাৱনীয় গৰমৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সালসলনি কৰা হৈছে।

শনিবাৰে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জিলাখনৰ অধীনস্থ LP, UP/ME/MV আৰু উচ্চ/উচ্চতৰ মাধ্যমিক/ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়সমূহৰ বাবে নতুন সময়সূচী নিৰ্ধাৰণ কৰিছে।

জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি, সোমবাৰৰ পৰা নিম্ন প্ৰাথমিক শ্ৰেণীসমূহৰ পাঠদান LP ৭:৩০ বজাৰ পৰা ১১:৩০ বজালৈ,

UP/ME/MV শ্ৰেণীসমূহৰ পাঠদান পুৱা ৭:৩০ বজাৰ পৰা দুপৰীয়া ১২:০০ বজালৈ

উচ্চ/উচ্চতৰ মাধ্যমিক/ছিনিয়ৰ ছেকেণ্ডাৰী শ্ৰেণীসমূহ পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ অনুষ্ঠিত হ’ব।

চৰকাৰী, প্ৰাদেশিকীকৃত, অপ্ৰাদেশিকীকৃত আৰু ব্যক্তিগত বিদ্যালয়সমূহে এই সময়সূচী অবিলম্বে কাৰ্যকৰী কৰিব লাগিব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই সময়সূচী বলবৎ থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *