‘‘আমি চার্জশ্বীট পঢ়িবলৈ পোৱা নাই। চৰকাৰ- ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে। চৰকাৰে আমাৰ আস্থাৰ মান ৰাখিব।’’: জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ মন্তব্য

আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দ্বিতীয় শুনানি।ভাৰ্চুৱেলী হাজিৰ কৰোৱা হয় জুবিন হত্যাৰ ৫ অভিযুক্তক। ভাৰ্চুৱেলী হাজিৰ কৰোৱা হ’ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত আৰু পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাক।।

সত্ৰ ন্যায়াধীশৰ আদালতত অংশ লোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। জুবিন গাৰ্গৰ ভগ্নীয়ে মন্তব্য কৰে- ‘‘অনুশোচনা নাই অভিযুক্তৰ চেহেৰাত। অভিযুক্তৰ চেহেৰাত অনুশোচনাৰ কোনো চিন দেখা নাই। ভাৰ্চুৱেলী শুনানিত ৭ অভিযুক্ত উপস্থিত থাকে। ‘‘আমি চার্জশ্বীট পঢ়িবলৈ পোৱা নাই। চৰকাৰ- ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে। চৰকাৰে আমাৰ আস্থাৰ মান ৰাখিব।’’

৩ জানুৱাৰীত হ’ব জুবিন গাৰ্গ হত্যাৰ পৰৱৰ্তী শুনানি। ইতিমধ্যে জুবিন গাৰ্গ হত্যাৰ গোচৰৰ অভিযুক্ত অমৃতপ্ৰভা মহন্ত লাভ কৰিলে অধিবক্তা। গ্ৰেব্ৰিয়েল শাহু হ’ব জুবিন গাৰ্গ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ অধিবক্তা।

Leave a Reply

Your email address will not be published. Required fields are marked *