অসম বিধানসভা নিৰ্বাচন-২০২৬ত থেকেচা কংগ্ৰেছৰ। মাত্ৰ ১৯খন আসনতে সীমাৱদ্ধ থাকিল কংগ্ৰেছৰ জয়যাত্ৰা। কংগ্ৰেছৰ এই শোচনীয় অৱস্থাৰ পাছতে সোমবাৰে সন্ধিয়া ভাগত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত বিশেষ প’ষ্ট।কৰে।
গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত লিখে- আজি ঘোষণা হোৱা অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত প্ৰকাশ পোৱা অসমবাসী ৰাইজৰ ৰায় আমি সম্পূৰ্ণ বিনম্ৰতাৰে গ্ৰহণ কৰিছোঁ আৰু এই নিৰ্বাচনত আমাৰ পৰাজয় স্বীকাৰ কৰিছোঁ। লগতে, যিসকল ভোটাৰ ৰাইজে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ ওপৰত বিশ্বাস ৰাখি ভোটদান কৰিলে, তেওঁলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।এই নিৰ্বাচনত জয়লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ, তেওঁলোকে ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰি ৰাজ্যখনৰ উন্নতি, শান্তি আৰু সমৃদ্ধিৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰিব।
লগতে গৌৰৱ গগৈয়ে লিখে- আমি এই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ আগন্তুক দিনসমূহত আত্মবিশ্লেষণ কৰি দলক শক্তিশালী কৰি তোলাৰ লগতে অধিক দৃঢ়তা আৰু প্ৰতিশ্ৰুতিৰে ৰাইজৰ সেৱাত নিয়োজিত হ’ম। যোৰহাটৰ ৰাইজে দিয়া সিদ্ধান্তও মই নতশিৰে গ্ৰহণ কৰিছোঁ। ৰাইজৰ জনাদেশ অনুসৰি আমি এক দায়িত্বশীল বিৰোধী দল হিচাপে নিষ্ঠাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিম। চৰকাৰৰ ভাল কামত আমি সহযোগ কৰিম আৰু চৰকাৰৰ জনবিৰোধী নীতি সমূহৰ ক্ষেত্ৰত আমি সদায়েই ৰাইজৰ পক্ষত থাকি বিৰোধীতা কৰি যাম।নিৰ্বাচনী প্ৰচাৰৰ সময়চোৱাৰ লগতে বিগত কেইবামাহ ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আমাৰ প্ৰতি যি অকৃত্ৰিম মৰম, চেনেহ আৰু আশীৰ্বাদ প্ৰদান কৰিলে তাৰ বাবে আমি সকলোকে আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই অটল বিশ্বাস, সমৰ্থন আৰু উৎসাহেই আমাৰ আগবাঢ়ি যোৱাৰ শক্তি।
মিত্ৰদল আৰু নিৰ্বাচনত সহযোগিতা কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰি গৌৰৱ গগৈয়ে লিখিছে- ইয়াৰ লগতে, এই নিৰ্বাচনত দিন-ৰাতি একাকাৰ কৰি বিৰোধী মিত্ৰজোঁটৰ অংশ হিচাপে দলৰ বাবে নিষ্ঠাৰে কাম কৰা প্ৰতিগৰাকী কৰ্মীলৈ আমি আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ অক্লান্ত পৰিশ্ৰম, ত্যাগ আৰু অটল বিশ্বাসেই আমাৰ শক্তিৰ মূল ভিত্তি। কঠিন পৰিস্থিতিৰ মাজতো আপোনালোকে যি ধৈৰ্য্য, একতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিলে, সেয়া আমাৰ বাবে সদায়েই প্ৰেৰণা আৰু সাহসৰ বিষয় হৈ থাকিব। আগন্তুক দিনবোৰতো আপোনালোকৰ আশীৰ্বাদ, সহযোগিতা আৰু সমৰ্থন লাভ কৰিম বুলি আশা কৰিলোঁ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে এই পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছোঁ। কিন্তু আদৰ্শৰ এই যুঁজখনত আমি সদায়েই অটল থাকিম আৰু ৰাইজৰ স্বাৰ্থ, অধিকাৰ আৰু মৰ্যাদা ৰক্ষাৰ বাবে যুঁজ অব্যাহত ৰাখিম। পৰৱৰ্তী সময়ত দলৰ শীৰ্ষ নেতৃত্বই দলৰ যি দায়িত্ব পালন কৰিবলৈ দিয়ে সেই দায়িত্ব পালন কৰিবলৈ মই সাজু।