আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস; যোৰহাটত মে’ দিৱস পালন

আজি ১ মে’ । শ্ৰমিক দিৱস । সমগ্ৰ বিশ্বজুৰি প্ৰতিবছৰেই আজিৰ দিনটো শ্ৰমিক দিৱসৰূপে উদযাপন কৰা হয় । বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ঐতিহাসিক শ্ৰমিক আন্দোলন আৰু শ্ৰমিক সকলৰ কষ্ট, ত্যাগৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই দিনটো উদযাপন কৰা হয় ।

সমান্তৰালকৈ যোৰহাটত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন। অসম চাহ মজদুৰ সংঘৰ চীনামৰা, হাতীগড়, বাঘধৰা আদি কেইবাটাও শাখাৰ উদ্যোগত যোৰহাটৰ মুৰমুৰীয়া চাহ বাগিচাৰ শ্ৰী জগন্নাথ ৰংমঞ্চ প্ৰেক্ষাগৃহত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয়।

পুৱা বৃক্ষৰোপন, শ্বহীদ তৰ্পণ পতাকা উত্তোলন আদি কার্যসূচীৰে দিনটো আৰম্ভ হয়। দুপৰীয়া মুকলি সভাত সাংসদ কামাখ্যা প্ৰসাদ তাছা, জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰাকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মুকলি সভাত সভাপতিত কৰে চাহ মজদুৰ সংঘৰ যোৰহাট শাখাৰ সভাপতি মহেশ্বৰ গোৱালাই।।

Leave a Reply

Your email address will not be published. Required fields are marked *