জামুগুৰিহাটৰ কুসুটোলাৰ দীপাটোলা গাঁৱৰ সন্ধানহীন যুৱক মনোজ ছেত্ৰীক বিচাৰি তৃতীয় দিনাও জীয়া ভৰলী নদীত অভিযান অব্যাহত ৰাখিছে এছ ডি আৰ এফ বাহিনীয়ে।
দুখনকৈ যন্ত্ৰচালিত নাৱেৰে নদীৰ বুকুত উদ্ধাৰকাৰী দলে ক্ষিপ্ৰতাৰে সন্ধান চলাই আছে যদিও যুৱকজনৰ কোনো সম্ভেদ পোৱা নাই।
উল্লখ্য যে, যোৱা ২১ আগষ্টৰ সন্ধিয়া মনোজ ছেত্ৰীয়ে ঘৰৰ পৰা নিজৰ স্কুটিখন লৈ ওলাই গৈছিল। তাৰ পিছৰে পৰাই পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰে ২২ আগষ্টৰ বিয়লি জামুগুৰিহাটৰ চকীঘাটত জীয়া ভৰলী নদীৰ সমীপৰ মথাউৰিত যুৱকজনে চলাই অহা স্কুটিখনৰ লগতে ডিঙিৰ চেইন আৰু মানিবেগ উদ্ধাৰ কৰে
নদীৰ মথাউৰিত স্কুটি আৰু ব্যক্তিগত সামগ্ৰীসমূহ এনেদৰে উদ্ধাৰ হোৱাৰ পিছতে পৰিয়াল আৰু স্থানীয় ৰাইজে মনোজ ছেত্ৰীয়ে জীয়া ভৰলী নদীত জাপ দিয়া বুলি তীব্ৰ সন্দেহ প্ৰকাশ কৰে। লগতে ঘটনাস্থলীত এছ ডি আৰ এফৰ দল উপস্থিত হৈ প্ৰথম অৱস্থাত অভিযান চলায় যদিও সফলতা লাভ কৰিব পৰা নাছিল। পৰৱৰ্তী সময়ত দেওবাৰে পুৱাৰে পৰা আজি তৃতীয় দিনাও নদীৰ জলৰাশিত অনুসন্ধান চলাই থকা হৈছে।