অৱশেষত উত্তৰ প্রদেশৰ কানপুৰত উদ্ধাৰ যোৰহাটৰ পৰা অপহৰণ হোৱা শিশু।
যোৰহাট আৰক্ষীৰ তথ্যৰ ভিত্তিত ৰে’লৱে আৰক্ষীয়ে কাণপুৰ চেন্ট্রেল ষ্টেচনত নর্থ ইষ্ট এক্সপ্রেছৰ পৰা শিশুটোক উদ্ধাৰ কৰা লগতে গ্রেপ্তাৰ কৰে গনক উপাধিৰ এগৰাকী মহিলাক।
শিশুটিক যোৰহাট আনিবৰ বাবে পাঁচদিন পুর্বে কানপুৰলৈ ৰাওনা হৈছিল যোৰহাট আৰক্ষীৰ এটা দল।আজি পুৱা ৰে’লযোগে মৰিয়নিত উপস্থিত হয় আৰক্ষীৰ দলটো।
১৪ আগষ্ট তাৰিখে যোৰহাট লাচিত বজাৰৰ পৰা আইতাকৰ ওচৰৰ পৰা অতি কৌশলেৰে এটা টি-ছাৰ্ট কিনি দিয়াৰ অজুহাতত শিশুটিক লৈ গৈছিল মহিলা গৰাকীয়ে।ইয়াৰ পিছতে নিজৰ নাতিনীয়েক বহু সময়লৈকে ঘুৰি নহাত আইতাকে আৰক্ষীক ঘটনা বিষয়ে অৱগত কৰে আৰু আৰক্ষীয়ে আৰম্ভ কৰে অভিযান।
গনক উপাধিৰ মহিলা গৰাকীয়ে লাচিত বজাৰৰ সমীপৰ এখন শাক পাচলিৰ দোকানত অনলাইন পেইমেন্ট কৰাৰ তথ্য লাভ কৰা পিছতে যোৰহাট আৰক্ষীয়ে মুহুর্ততে মহিলা গৰাকীৰ অৱস্থিতি আৰু ঠিকনা লাভ কৰি শিশুটি উদ্ধাৰ অভিযান আৰম্ভ কৰে।
উল্লেখযোগ্য যে শিশুটিক দিল্লীত এক লাখ টকাৰ বিনিময়ত বিক্রীৰ বাবে লৈ গৈছিল ধুৰন্ধৰ মহিলা গৰাকীয়ে।