হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বিৰৱাৰত বিশাল যোগদান কাৰ্যসূচী।
২০২৭ চনৰ পৰিষদীয় নিৰ্বাচনক লক্ষ্য কৰি সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ বাবে তৎপৰ হৈ পৰিছে কাৰ্বি আংলং জিলা বিজেপি।
হাওৰাঘাট বিধানসভা সমষ্টিৰ মহামায়া পৰিষদীয় সমষ্টিত অনুষ্ঠিত এই বৃহৎ যোগদান কাৰ্যসূচীত কংগ্ৰেছ আৰু এপিএইচএলচি, অৰ্থাৎ APHLC দলৰ কেইবাটাও পৰিয়ালৰ লগতে বহু নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।
যোগদান কাৰ্যসূচীত উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ অমৰছিং টিছ Amarsing tisso ’, বিধায়ক Lunsing teron আৰু কাৰ্যবাহী সদস্য তথা MACসকলকে ধৰি দলৰ কেইবাগৰাকীও নেতা-কৰ্মী।
ইফালে, বিৰোধী দলসমূহে উত্থাপন কৰা বিভিন্ন অভিযোগ আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে KAACৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।
বিৰোধী দলসমূহে কেৱল ছ’চিয়েল মিডিয়াত ৰীল বনোৱা আৰু ভিত্তিহীন প্ৰেছমিটৰ জৰিয়তে সংবাদ মাধ্যমত মিছা তথ্য প্ৰচাৰ কৰাৰ অভিযোগো উত্থাপন কৰে ।