| অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰী আইদেউ সন্দিকৈৰ আজি পুণ্যতিথি। ২০০২ চনৰ আজিৰ দিনটোতেই তেওঁ ইহলীলা সম্বৰণ কৰিছিল। মহিয়সী নাৰীগৰাকীক আজি সমগ্ৰ অসমবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। ১৯৩৫ চনত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা ভাৰতৰ তৃতীয়খন সবাক ছবি থকা প্ৰথমখন অসমীয়া বোলছবি জয়মতীত অভিনয় কৰিছিল গোলাঘাটৰ পানী-দিহিঙিয়া গাঁৱৰ আইদেউ সন্দিকৈয়ে। বোলছবিত অভিনয় কৰাৰ বাবেই সমাজে এঘৰীয়া কৰিছিল তেওঁক। আজি সামাজিক মাধ্যমযোগে তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, সাহসেৰে অভিনয়ক বুকুত সাবটি অসমীয়া নাৰীৰ বাবে অভিনয় ক্ষেত্ৰৰ বাট মুকলি কৰি থৈ যোৱা মহিয়সীগৰাকীক অসমবাসীয়ে সদায় স্মৰণ কৰি যাব। |