ওজন হ্ৰাস কৰাৰ পৰা আৰম্ভ কৰি শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিলৈকে— অমিতা আমাৰ স্বাস্থ্যৰ বাবে কোনো মহৌষধতকৈ কম নহয়। ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ উপৰিও কাহৰ সৈতে তেজ ওলোৱা, কেঁচুমূৰীয়া (Piles), মূত্ৰনলীৰ সমস্যা, চ’ৰিয়াচিছ, কোষ্ঠকাঠিন্য আৰু কৃমি নাশ কৰাত অমিতা অতি লাভদায়ক। বিশেষকৈ অমিতাত থকা প্ৰচুৰ পৰিমাণৰ ‘পেপেন এনজাইম’ (Papain Enzyme) এ পাকস্থলীত আমিষ খাদ্য হজম হোৱাত সহায় কৰে।
কিন্তু যিকোনো বস্তুৰে অতিৰিক্ত ব্যৱহাৰ শৰীৰৰ বাবে হানিকাৰক। ঠিক তেনেদৰে, অমিতাও অতিমাত্ৰা খালে ই উপকাৰ কৰাৰ পৰিৱৰ্তে শৰীৰৰ বিৰাট ক্ষতি সাধন কৰিব পাৰে। জানো আহক অমিতা বেছিকৈ খালে কি কি সমস্যা হ’ব পাৰে—
অতিমাত্ৰা অমিতা খোৱাৰ ৫ টা ডাঙৰ লোকচান:
১/ পাচনতন্ত্ৰৰ গুৰুতৰ সমস্যা:
অমিতাত থকা ফাইবাৰ আৰু পেপেইন এনজাইমে আমাৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে ঠিকেই, কিন্তু আপুনি যদি প্ৰয়োজনতকৈ অধিক অমিতা খায়, তেন্তে ই ওলোটা প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত হজম প্ৰক্ৰিয়া বিঘ্নিত হৈ ডায়েৰিয়া বা পেটৰ অসুখ হ’ব পাৰে।
২/ ছালৰ খজুৱতি আৰু এলাৰ্জী:
অমিতাত থকা পেপেইন নামৰ উপাদানটো শৰীৰলৈ অতিমাত্ৰা গ’লে ইয়াৰ পাৰ্শ্বক্ৰিয়াস্বৰূপে ছালত খজুৱতি, ছাল উখহি পৰা, ফোঁহা ওলোৱা, মূৰৰ বিষ আৰু তীব্ৰ এলাৰ্জীৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
৩/ হঠাতে ব্লাড চুগাৰ কমি যোৱা (Hypoglycemia):
যিসকল লোকৰ দেহত ইতিমধ্যে ব্লাড চুগাৰ বা ৰক্ত শৰ্কৰাৰ মাত্ৰা কম হৈ থাকে, তেওঁলোকে অমিতা খোৱাৰ পৰা বিৰত থকা উচিত। অমিতাত থকা প্ৰাকৃতিক যৌগই শৰীৰত ইনচুলিনৰ মাত্ৰা হঠাতে বৃদ্ধি কৰে, যাৰ ফলত চুগাৰৰ পৰিমাণ অতি বিপদজনকভাৱে কমি যাব পাৰে।
৪/ ঔষধ খাই থকা লোকে সাৱধান হওক:
যদি আপুনি কোনো পুৰণি ৰোগৰ ঔষধ খাই আছে, তেন্তে অমিতা খোৱাটো পৰিহাৰ কৰক। অমিতাত এনে কিছুমান উপাদান থাকে যিয়ে তেজ পাতল কৰে (Blood thinning effect)। ফলত ঔষধৰ সৈতে অমিতা গ্ৰহণ কৰিলে শৰীৰৰ ভিতৰত ৰক্তক্ষৰণ (Bleeding) ৰ দৰে ভয়ংকৰ সমস্যাই দেখা দিব পাৰে।
৫/ গৰ্ভৱতী মহিলাৰ বাবে ক্ষতিকাৰক:
গৰ্ভৱতী মহিলাৰ বাবে অমিতা খোৱাটো একেবাৰেই সুৰক্ষিত নহয়, বিশেষকৈ কেঁচা অমিতা। কেঁচা অমিতাত ‘লেটেক্স’ (Latex) নামৰ এবিধ পদাৰ্থ পোৱা যায়, যিয়ে জৰায়ুৰ সংকোচন ঘটাই গৰ্ভপাতৰ আশংকা বৃদ্ধি কৰে। ইয়াৰ উপৰিও ইয়াত থকা পেপেইনে ভ্ৰূণৰ কোষৰ আৱৰণ ক্ষতিগ্ৰস্ত কৰি সন্তানৰ বিকাশত বাধা দিয়ে।