২০২৬ চনত প্ৰধানমন্ত্ৰী মোদীৰ ‘মন কী বাত’ অনুষ্ঠানৰ প্ৰথম খণ্ড,‘মন কী বাত’ত প্ৰধানমন্ত্ৰীৰ মুখত অসমৰ নগাঁও জিলাৰ স্বচ্ছতাৰ প্ৰসংগ

২০২৬ চনত প্ৰধানমন্ত্ৰী মোদীৰ ‘মন কী বাত’ অনুষ্ঠানৰ প্ৰথম খণ্ড। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ৰ ১৩০ সংখ্যক খণ্ডৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।

আজি ‘মন কী বাত’ত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ মুখত অসমৰ নগাঁৱৰ প্ৰসংগ। নগাঁও জিলাৰ পথসমূহ আৱৰ্জনামুক্ত কৰি ৰখাৰ বাবে তৃণমূল পৰ্যায়ত স্থানীয় ৰাইজে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। স্থানীয় ৰাইজৰ এই পদক্ষেপত দেশবাসীৰ সন্মুখত তুলি ধৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, অসমৰ নগাঁও জিলাৰ পুৰণি পথসমূহ স্থানীয় ৰাইজে পৰিষ্কাৰ কৰাৰ বাবে আগবাঢ়ি আহে। লাহে-লাহে তেওঁলোকৰ লগত আৰু বহু লোক জড়িত হয়। লাহে-লাহে এটা বৃহৎ দল গঠন হয় আৰু পৰৱৰ্তী সময়ত পথৰ পৰা বহু আৱৰ্জনা আঁতৰ কৰে। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ ইটানগৰৰ যুৱক-যুৱতী পৰিষ্কাৰ-পৰিচন্নতাৰ বাবে গ্ৰহণ কৰাৰ প্ৰয়াসকো প্রশংসা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *