হঠাৎ যোৰাবাটত দুদিনৰ বাবে ড্ৰাই ডে’ ঘোষণা মেঘালয় চৰকাৰৰ। শেহতীয়াকৈ অসম-মেঘালয় সীমান্তত সৃষ্টি হোৱা তীব্ৰ উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে।
চৰকাৰৰ নিৰ্দেশনা অনুসৰি দুদিন ধৰি যোৰাবাট অঞ্চলত সকলো সুৰাৰ বিপণী, বাৰ আৰু সুৰা বিক্ৰী বা পৰিৱেশনৰ সৈতে জড়িত প্ৰতিষ্ঠান বন্ধ থাকিব।
হিংসাত্মক ঘটনা অধিক বৃদ্ধি পোৱাৰ আশংকা আৰু পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যেই এই সাময়িক নিষেধাজ্ঞা জাৰি কৰা বুলি জানিব পৰা গৈছে।
ড্ৰাই ডে’ চলি থকা সময়ছোৱাত কোনোধৰণৰ সুৰা বিক্ৰী, ক্ৰয় বা পৰিৱেশন কৰিব নোৱাৰিব। নিৰ্দেশনা উলংঘা কৰা কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে সকীয়াই দিছে।
উল্লেখ্য যে, যোৰাবাট আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাক লৈ প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিস্থিতি অধিক অৱনতি নঘটিবলৈ আৰক্ষী-প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে বিভিন্ন স্তৰত পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে।