সদ্যঘোষিত NEET UG- ২০২৬ৰ ফলাফলত উজলি উঠিল নগাঁও জিলাৰ জুহায়াৰ ফাহিম খান

সদ্যঘোষিত NEET-UG 2026ৰ ফলাফলত উজলিল নগাঁও জিলাৰ ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত কটহগুৰি খান বস্তিৰ মেধাৱী ছাত্ৰ জুহায়াৰ ফাহিম খান।

ছাত্ৰ জুহায়াৰ ফাহিম খানৰ এই সফলতাই সমগ্ৰ অঞ্চলটোত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

ফাহিম খান কটহগুৰি খান বস্তিৰ বাসিন্দা তথা শিক্ষক ফকৰুল ইছলাম খান আৰু জেছমিন নাহাৰৰ পুত্ৰ। তেওঁ ৭২০ নম্বৰৰ ভিতৰত ৫৭৩ নম্বৰ লাভ কৰি চিকিৎসক হোৱাৰ সপোন বাস্তবায়িত কৰাৰ দিশত আগবাঢ়িছে।

উল্লেখ্য যে, এগৰাকী শিক্ষক হিচাপে পিতৃ ফকৰুল ইছলাম খানে পুত্ৰৰ শিক্ষাৰ বাবে বিশেষ ত্যাগ স্বীকাৰ কৰিছিল। ধুবুৰীৰ বিলাসীপাৰাত কৰ্মৰত থকাৰ সময়ত ফাহিমে পিতৃ-মাতৃৰ সৈতে থাকি স্থানীয় শংকৰদেৱ শিশু বিদ্যা নিকেতনতে শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত হোজাইৰ আজমল ছুপাৰ ৪০-ত স্থান লাভ কৰাটো ফাহিমৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্ট আছিল। অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা JEE-তো ৯৬ শতাংশ নম্বৰেৰে সফলতা লাভ কৰিছিল যদিও ফাহিমৰ একমাত্ৰ লক্ষ্য আছিল এজন মানৱদৰদী চিকিৎসক হোৱা।

পুত্ৰৰ এই বৃহৎ সফলতাত আৱেগিক হৈ পৰিছে পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকসকল। তেওঁলোকে ফাহিমৰ এই যাত্ৰাত সহায় কৰা প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। লগতে ধিং সমষ্টিৰ এইগৰাকী মেধাৱী ছাত্ৰৰ সফলতাত উৎফুল্লিত হৈ পৰিছে স্থানীয় বিধায়ক মেহবুব মুক্তাৰ। বিধায়কগৰাকীয়ে ফাহিম খানক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ ভৱিষ্যতৰ চিকিৎসক জীৱনৰ উজ্জ্বল কামনা কৰে। অঞ্চলটোৰ বিভিন্ন দল-সংগঠনেও ফাহিমৰ গৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *