আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বাসগৃহত NDAৰ বৈঠকৰ সম্ভাৱনা৷ এই বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ আলমতে এই কথা সংবাদ সংস্থা পি টি আয়ে সদৰী কৰে ৷
২০ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন৷ এই অধিৱেশনত বিৰোধীয়ে চৰকাৰক NEET-ৰ প্ৰশ্নকাকত ফাদিল হোৱা, পশ্চিম এছিয়াৰ সংঘাতত ভাৰতীয় নাৱিকৰ মৃত্যু, পেট্ৰ’লত ইথানল মিহলি কৰাকে ধৰি আদি বিভিন্ন বিষয়ত প্ৰশ্ন উত্থাপন কৰিব পাৰে৷ লগতে অযোধ্যাৰ ৰাম মন্দিৰৰ অনুদানৰ ধন আত্মসাৎ কৰা অভিযোগ সন্দৰ্ভতো বিৰোধীয়ে চৰকাৰক উত্থাপন কৰিব পাৰে এই সন্দৰ্ভত NDA-ৰ নেতাসকলে বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে, অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে বিৰোধী দল দুৰ্বল হৈ পৰিছিল৷ তদুপৰি তামিলনাডুত TVK-ৰ চৰকাৰ গঠনক লৈ কংগ্ৰেছ আৰু DMK-ৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছে ।এই পৰিস্থিতিয়ে সংসদৰ অধিৱেশনৰ সময়ত শাসকীয় মিত্ৰজোঁটৰ মনোবল বৃদ্ধি কৰিব পাৰে ।
আনহাতে, সংবিধান সংশোধনী বিধেয়ক সন্দৰ্ভত এখন যুটীয়া সংসদীয় সমিতিয়ে এক প্ৰতিবেদনত অনুমোদন দিব পাৰে । বিধেয়কখনত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰীক গুৰুতৰ অভিযোগত একেৰাহে ৩০ দিনৰ বাবে আবদ্ধ কৰি ৰাখিলে পদৰ পৰা অপসাৰণ কৰাৰ ব্যৱস্থা আছে । কমিটীৰ পৰামৰ্শৰ ভিত্তিত চৰকাৰে আনুষ্ঠানিক চৰকাৰী সংশোধনী আনিব পাৰে ।
লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাক ৩৩ শতাংশ সংৰক্ষণ প্ৰদানৰ অনুৰূপ সংবিধান বিধেয়ক সংসদৰ পূর্বৰ অধিৱেশনত নিম্ন সদনত পতন ঘটিছিল, কাৰণ চৰকাৰে প্রয়োজনীয় সংখ্যা সংগ্ৰহ কৰিব পৰা নাছিল ৷ আগন্তুক অধিৱেশনত চৰকাৰে মহিলা সংৰক্ষণ বিধেয়ক আৰু সীমা নিৰ্ধাৰণ বিধেয়ক সংশোধন কৰা বিধেয়ক সংসদত গৃহীত কৰিবলৈও আনিব পাৰে