৫৯টা পৰিয়াললৈ ঘৰ খালী কৰাৰ নিৰ্দেশ

পুনৰ আৰম্ভ হ’ব মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত উচ্ছেদ অভিযান।

জানিব পৰা মতে, উচ্ছেদৰ স্থগিতাদেশ লাভ কৰা ৫৯টা পৰিয়ালক ঘৰ খালী কৰিবলৈ বন বিভাগৰ তৰফৰ পৰা চূড়ান্ত নিৰ্দেশ।

মাইকযোগে প্ৰচাৰ কৰি পৰিয়ালকেইটাক নিজৰ বয়-বস্তু সামৰি ঘৰ এৰিবলৈ নিৰ্দেশ বন বিভাগৰ। ফলত পুনৰ অনিশ্চয়তাত পৰিছে নেঘেৰীবিলৰ উচ্ছেদৰ সন্মুখীন হোৱা পৰিয়ালসমূহ।

উল্লেখ্য যে, শুকুৰবাৰে মাইকযোগে প্ৰচাৰ চলাই বন বিভাগে

৫৯টা পৰিয়ালক নিজৰ বয়-বস্তু সামৰি ঘৰ খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰে। ইয়াৰ পিছতে অঞ্চলটোত পুনৰ উচ্ছেদকেন্দ্ৰিক উত্তেজনা আৰু উৎকণ্ঠাৰ সৃষ্টি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *