শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা

শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ মাজতে পঞ্চমীৰ নিশা শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণনগৰৰ দুল্লভছড়া–নিভিয়া পথৰ ফানাইৰবন্দত শোকাৱহ পথ দুৰ্ঘটনা।

এখন বাইক আৰু তীব্ৰবেগী অচিনাক্ত বাহনৰ মুখামুখি সংঘৰ্ষত থিতাতে মৃত্যু হয় শিৱম নাথ আৰু বিট্টু লোহাৰ নামৰ দুই যুৱকৰ। নিহত লোকদুজনৰ ঘৰ চেৰাগি গাঁৱত বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ মতে, দুৰ্ঘটনাৰ সময়ত যুৱক দুজনৰ মূৰত হেলমেট নাছিল। আনহাতে, পথটোত তীব্ৰবেগী বাহনৰ চলাচল নিয়ন্ত্ৰণৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *