বঙাইগাঁৱত জ্যেষ্ঠ ভিডিঅ’ জাৰ্নেলিষ্টৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

বঙাইগাঁৱৰ জ্যেষ্ঠ ভিডিঅ’ জাৰ্নেলিষ্ট সুখেন্দু ৰায় চৌধুৰী ওৰফে গুটু (৪৫) ৰ দেহাৱসান।

৫ অক্টোবৰ পৰা শাৰীৰিকভাৱে অসুস্থ হৈ থকা সুখেন্দু ৰায় চৌধুৰী নিৰুদ্দেশ হৈ আছিল ।

বৃহস্পতিবাৰে নিশা বঙাইগাঁৱৰ হাতিমুত্ৰা এলেকাৰ ঘন জংঘলত ৰহস্যজনক অৱস্থাত সুখেন্দু ৰায় চৌধুৰী মৃতদেহ উদ্ধাৰ কৰা হয় ।

২০১১ চনত এটা ব্যক্তিগত খণ্ডৰ বাতৰি চেনেলৰ জৰিয়তে সংবাদ মাধ্যমৰ যাত্ৰ আৰম্ভ কৰিছিল তেওঁ ।

পৰৱৰ্তী সময়ত দীৰ্ঘদিন ধৰি অসমৰ আন আন আগশাৰীৰ ছেটেলাইট চেনেলত ভিডিঅ’ জাৰ্নেলিষ্ট হিচাপে কাম কৰিছিল।

মৃত্যুৰ সময়ত পত্নী, এটি পুত্ৰ সন্তানক সংসাৰত এতি থৈ যায়।

সুখেন্দু ৰায় চৌধুৰী ওৰফে গুটুৰ অকাল মৃত্যুত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱৰ পৰা গভীৰ শোক প্ৰকাশ কৰে লগতে শোক সন্তপ্ত পৰিয়াল বর্গক সমবেদনা জ্ঞাপন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *