শিলচৰ আৰক্ষীৰ বৃহৎ সফলতা।। দেওবাৰে আৰক্ষীয়ে চলোৱা এক অভিযানত গুৱাহাটীৰ পৰা মিজোৰাম অভিমুখে গৈ থকা এখন ট্ৰাকৰ পৰা মেঘালয়ত প্ৰস্তুত কৰা বুজন পৰিমাণৰ বিদেশী সুৰা জব্দ কৰে।
উল্লেখ্য যে, গুৱাহাটীৰ পৰা মিজোৰাম অভিমুখে গৈ থকা AS-28-AC-0739 নম্বৰৰ এখন ট্ৰাকত বৃহৎ পৰিমাণৰ অবৈধ সুৰা শিলচৰ হৈ সৰবৰাহ কৰা হৈছে। এই গোপন তথ্য লাভ কৰাৰ পাছতেই উপ আৰক্ষী অধীক্ষক ভাস্কৰ শিখা শইকীয়াৰ নেতৃত্বত আৰু ৰংপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ’নছ আৰ মাৰাকসহ আৰক্ষীৰ এটা দলে ৰংপুৰ অঞ্চলত অভিযান।চলাই
ট্ৰাকখনত থকা বিভিন্ন ঔষধ আৰু ষ্টেচনাৰী সামগ্ৰীৰ কাৰ্টনৰ তলত অতি গোপনীয়ভাৱে সুৰাৰ কাৰ্টনসমূহ লুকুৱাই ৰখা হৈছিল। কিন্তু আৰক্ষীৰ তালাচীত এই সকলো ধৰা পৰে। ট্ৰাকখনৰ পৰা আৰক্ষীয়ে মুঠ ৬২ কাৰ্টন অবৈধ বিদেশী সুৰা জব্দ কৰে। এই কাৰ্টনকেইটাত সৰ্বমুঠ ৭৫৫ বটল সুৰা আছিল। আৰক্ষীৰ মতে, জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য কেইবালাখ টকা হ’ব।
বৰ্তমান শিলচৰ আৰক্ষীয়ে ধৃত চালকজনক অধিক সোধা-পোছা অব্যাহত ৰাখিছে।