শক্তিপীঠ কামাখ্যাত ভূটানৰ প্ৰধানমন্ত্ৰী দাশো ছেৰিং ট’গবে।
মা কামাখ্যা ধামত আশীষ ল’লে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।
আৰক্ষীৰ বিশেষ নিৰাপত্তা বেষ্টনীৰ মাজেৰে মন্দিৰ দৰ্শন প্ৰধানমন্ত্ৰীগৰাকীৰ।
মন্দিৰত উপস্থিত হোৱাৰ পিছতেই উষ্ম আদৰণি প্ৰশাসন, মন্দিৰ কৰ্তৃপক্ষৰ।
দেৱীৰ শ্ৰীচৰণত বিশেষ পূজা-অৰ্চনা কৰাৰ লগতে মন্দিৰ পৰিক্ৰমা কৰে প্ৰধানমন্ত্ৰীয়ে।
উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসমূচীৰে গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী ।
সোমবাৰে অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্রীক সাক্ষাৎ কৰিছিল প্ৰধানমন্ত্ৰী দাশো ছেৰিং ট’গবে।