যোৰহাটৰ বানপীড়িত ছাত্ৰ-ছাত্ৰীক শিক্ষামূলক সামগ্ৰী বিতৰণ সৃজনাসম ন্যাসৰ

যোৰহাট জিলাৰ সাম্প্ৰতিক বানপানীৰ দ্বাৰা প্ৰভাৱিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাৰ উদ্দেশ্যে ‘সৃজনাসম ন্যাস’এ আজি টীয়ক অঞ্চলৰ আঠখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত ৬০০ টা শিক্ষামূলক সামগ্ৰীৰ কিট বিতৰণ কৰে।

এই পদক্ষেপটো এটা বৃহৎ সেৱামূলক কাৰ্যসূচীৰ অংশ, যাৰ অধীনত যোৰহাট জিলাৰ বানপীড়িত অঞ্চলৰ মুঠ ১,০০০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰয়োজনীয় বিদ্যালয়ৰ সামগ্ৰী যোগান ধৰা হ’ব। প্ৰতিটো কিটত এটা স্কুল বেগ, পেন্সিল বক্স আৰু পানীৰ বটল অন্তৰ্ভুক্ত কৰা হৈছে। বানপানীৰ ফলত ব্যাহত হোৱা শিক্ষা পুনৰ প্ৰণালীবদ্ধভাৱে চলাই নিবলৈ শিক্ষাৰ্থীসকলক ব্যৱহাৰিক সহায় কৰাই এই উদ্যোগৰ মূল লক্ষ্য।

এই বিতৰণ কাৰ্যসূচীত ব্যক্তিগতভাৱে উপস্থিত থাকে অসম চৰকাৰৰ আয়ুক্ত তথা সচিব আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ প্ৰবন্ধ সঞ্চালক পদ্মপাণি বৰা, আই.আৰ.এছ. (IRS)। পদ্মপাণি বৰাই ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সৈতে ভাব-বিনিময় কৰাৰ লগতে নিজ হাতে এই শিক্ষামূলক সামগ্ৰীসমূহ বিতৰণ কৰে।

এই কাৰ্যসূচীৰ দ্বিতীয়টো পৰ্যায় অহা ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব, য’ত যোৰহাট জিলাৰ এলেংমৰা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আন ৪০০ টা কিট বিতৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ লগে লগে ন্যাসে বানৰ দ্বাৰা প্ৰভাৱিত মুঠ ১,০০০ গৰাকী শিক্ষাৰ্থীৰ ওচৰ পাবলৈ সক্ষম হ’ব।

সংবাদ মাধ্যমৰ আগত পদ্মপাণি বৰাই কয়, “যেতিয়া শিশুসকল কোনো প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা প্ৰভাৱিত হয়, তেতিয়া কেৱল তেওঁলোকৰ ঘৰ-বাৰীয়েই ক্ষতিগ্ৰস্ত নহয়, বৰঞ্চ তেওঁলোকৰ শিক্ষা আৰু ভৱিষ্যতৰ সপোনসমূহো ব্যাহত হয়। এই সৰু পদক্ষেপটো হৈছে কিছুসংখ্যক বানপীড়িত শিক্ষাৰ্থীৰ কাষ চাপি তেওঁলোকক এই কথা মনত পেলাই দিয়াৰ প্ৰচেষ্টা যে তেওঁলোকৰ শিক্ষা আৰু সপোনসমূহ অতি গুৰুত্বপূৰ্ণ। মই আশা কৰোঁ এই সামগ্ৰীসমূহে তেওঁলোকক অলপ হ’লেও উৎসাহিত কৰিব আৰু আত্মবিশ্বাসেৰে পুনৰ পঢ়া-শুনালৈ ঘূৰি অহাত সহায় কৰিব।”

‘সৃজনাসম ন্যাস’ ৰ বাবে এই কাৰ্যসূচী কেৱল সামগ্ৰী বিতৰণ কৰাতে সীমাৱদ্ধ নহয়, বৰঞ্চ অতি প্ৰয়োজনৰ সময়ত শিশুসকলৰ কাষত থিয় দিয়াহে। বানপানীয়ে শ্ৰেণীকোঠা আৰু দৈনন্দিন জীৱন যাত্ৰা ব্যাহত কৰিব পাৰে, কিন্তু ই শিশুৰ শিক্ষা বা সপোনত বাধা হ’ব নোৱাৰে। এই প্ৰচেষ্টাৰ জৰিয়তে ন্যাসে সহায়ৰ হাত আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলক নতুন আত্মবিশ্বাসেৰে পুনৰ অধ্যয়ন আৰম্ভ কৰিবলৈ উৎসাহিত কৰাৰ আশা ৰাখিছে।

এই পদক্ষেপে প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিত, বিশেষকৈ অৰ্থপূৰ্ণ হস্তক্ষেপৰ জৰিয়তে শিশু আৰু সম্পদায়সমূহক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত ন্যাসৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *