চিৰাং জিলাৰ বাসুগাঁও চহৰৰ মহাশ্মশান কালী মন্দিৰত চুৰিকাণ্ড । মন্দিৰৰ তলা ভাঙি চোৰৰ লুন্ঠন কাৰ্য্য।
চোৰে লুটি নিলে কালী মাতাৰ সোণ-ৰূপৰ গহণা, দান বাকচৰ নগদ ধন, কাঁহ পিতলৰ বাচন বৰ্তনৰ উপৰি চোলাৰ চাৰ্জাৰ আৰু বেটাৰী।
জানিব পৰা মতে, দুপৰীয়াৰ ভাগত বাসুগাঁও মহাশ্মশান পৰিচালনা সমিতিৰ সম্পাদকে শ্মশান মন্দিৰত যোৱাৰ পিছত এই চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহে। ঘটনা সংক্ৰান্তত বাসুগাঁও আৰক্ষী থানাত অৱগত কৰি হৈছে।
আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ চুৰিকাণ্ডৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে বিগত দুমাহ ধৰি বাসুগাঁও মহাশ্মশান মন্দিৰত কোনো পূজাৰী নথকাত এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি ধাৰণা কৰা হৈছে ।