মহানগৰীৰ জালুকবাৰীত পুনৰ বুজন পৰিমাণৰ ড্ৰাগছ জব্দ।

মহানগৰীৰ জালুকবাৰীত পুনৰ বুজন পৰিমাণৰ ড্ৰাগছ জব্দ।

জালুকবাৰী আদিল শ্বাহ গলীত চলিছিল আৰক্ষীৰ এক অভিযান।

গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ এটা ড্ৰাগছ সৰবৰাহকাৰী।

ধৃত সৰবৰাহকাৰীটোৰ নাম হামিদুল আলী।

সৰবৰাহকাৰীটোৰ পৰা ১০টাকৈ চাবোনৰ বাকচত ড্ৰাগছ জব্দ।

লগতে ৫৯,৯০০ টকা, মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে।

দীৰ্ঘদিনৰ পৰা মহানগৰীত নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই আহিছিল ধৃত হামিদুলে।

সম্প্ৰতি ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াইছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *