বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰি উভতি অহাৰ পথত মৰ্মান্তিক দুৰ্ঘটনা;নিহত ৫জন

বৈষ্ণো দেৱী মন্দিৰ দৰ্শন কৰি উভতি অহাৰ পথত মৰ্মান্তিক দুৰ্ঘটনা। বুধবাৰৰ নিশা ৰাজস্থানৰ আলৱাৰ জিলাৰ লক্ষ্মণগড় থানাৰ অন্তৰ্গত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত চলন্ত বাহনত অগ্নিকাণ্ড।

অগ্নিকাণ্ডত জীৱন্ত অগ্নিদগ্ধ হৈ নিহত হয় ৫গৰাকী লোক। নিহতসকলৰ ভিতৰত তিনিগৰাকী মহিলা আৰু এটি শিশুও আছে। গাড়ীখনৰ চালকজনে কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও চালকজনৰ গুৰুতৰভাৱে অগ্নিদগ্ধ হয়।

ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া কৈলাশ জিন্দালে কয় যে, দিল্লীৰ ফালৰ পৰা কোটা অভিমুখে আহি থকা বাহনখন নিশা প্ৰায় ১ বজাত হঠাতে জুই লাগে। জুই ইমান ক্ষিপ্ৰতাৰে বিয়পি পৰিছিল যে ভিতৰত থকা যাত্ৰীসকলে বাহিৰলৈ ওলাই অহাৰ কোনো সুযোগেই পোৱা নাছিল।

ইফালে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ তহলদাৰী দল, এম্বুলেন্স আৰু লক্ষ্মণগড় থানাৰ আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হয়। তাৰোপৰি ঘটনাৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও তেওঁলোকে পোৱাৰ পূৰ্বেই গাড়ীখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। আৰক্ষী অধীক্ষক সুধীৰ চৌধুৰীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্তৰ নিৰ্দেশ দিছে। গুৰুতৰভাৱে আহত চালকজনক বৰ্তমান আলৱাৰৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *