বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ জেৰুজালেমত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি জেৰুজালেমত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক সাক্ষাৎ কৰে। সাক্ষাৎকালত দুয়োগৰাকী নেতাই ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্ব পুনৰ সু-দৃঢ় কৰাত গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকীৰ মাজত হোৱা বৈঠকত প্ৰযুক্তি, অৰ্থনীতি, দক্ষতা সংযোগ আৰু নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ পাছতেই বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ইজৰাইলৰ অৰ্থনীতি আৰু উদ্যোগ মন্ত্ৰী নীৰ বৰকাতৰ সৈতেও এক বৈঠকত মিলিত হয়।

দুয়োগৰাকী নেতাই বিনিয়োগ আৰু উদ্ভাৱন সহযোগিতাক আগুৱাই নিয়াৰ বিষয়ে আলোচনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *