বুধবাৰে প্ৰাক্তন কংগ্ৰেছী ভূপেন বৰাক সাক্ষাৎ মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে বিধায়ক মানৱ ডেকাৰ

আজি ভূপেন বৰাৰ বাসগৃহত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে ভূপেন বৰাৰ বাসগৃহত সাক্ষাৎ বিজেপিৰ মন্ত্ৰী-বিধায়কৰ ।

ভূপেন বৰাৰ বাসগৃহত সাক্ষাৎ কৰি মন্ত্ৰী হাজৰিকাই কয়, ‘‘মই ভূপেন বৰাৰ সৈতে কংগ্ৰেছত আছিলোঁ । আমি NSUI ত একেলগে কাম কৰিছিলোঁ । প্ৰায় দহ বছৰ আগতে মই কংগ্ৰেছ এৰিছিলোঁ, কিন্তু ভূপেন বৰাই তেতিয়া দলটোত থাকিল । এতিয়া তেওঁ বিজেপিত যোগদানৰ সিদ্ধান্ত লোৱাত মই তেওঁক আদৰণি জনাবলৈ আহিছোঁ ।’’

‘‘কংগ্ৰেছ নেতাসকলে উত্থাপন কৰা অভিযোগ – মন্ত্ৰিত্ব বা পদ লাভৰ আশাত কিছুমান নেতাই বিজেপিত যোগ দিয়ে আৰু দেশপ্ৰেমী নেতাসকল কংগ্ৰেছত থাকে’’ – এই বক্তব্য মন্ত্ৰী হাজৰিকাই কঠোৰভাৱে খণ্ডন কৰি মন্তব্য কৰে । তেওঁৰ ভাষ্য, “বাস্তৱ দেশপ্ৰেমীসকল বিজেপিত যোগ দিয়ে, কংগ্ৰেছত নহয় ।” লগতে তেওঁ কংগ্ৰেছৰ নীতি আৰু নেতৃত্বক সমালোচনা কৰি কয় যে দলটোৱে অসম আৰু দেশৰ স্বাৰ্থৰ পৰা বহুদূৰ আঁতৰি গৈছে ।

মন্ত্ৰী হাজৰীকাই কংগ্ৰেছ নেতা তথা এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ শেহতীয়া মন্তব্যকো লক্ষ্য কৰি সমালোচনা কৰে । ‘‘ভূপেন বৰাৰ পদত্যাগৰ দিনাই ক্ষমা বিচাৰি এতিয়া কয় ‘বেয়া উপাদান’ কংগ্ৰেছে এৰিছে আৰু ‘ভাল মানুহ’ ৰৈছে – এইটো ৰাজনৈতিক স্ব-বিৰোধিতাৰ দৃষ্টান্ত” – বুলিও তেওঁ মন্তব্য কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *