বুজন পৰিমাণৰ ড্ৰাগছসহ আটক যুৱকক

মাজুলীত পুনৰ ড্ৰাগছসহ এজনক আটক।

মাজুলীৰ মহকিনা তিনিআলিত গোপন সূত্ৰৰ পম খেদি মাজুলী আৰক্ষীয়ে এজন যুৱকক আটক কৰে।

আটকাধীন যুৱকজনৰ বেগৰ পৰা সন্দেহযুক্ত ড্ৰাগছ ভৰ্তি ১১ টা কণ্টেইনাৰ উদ্ধাৰ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰায় ৮৬ হাজাৰ টকাতকৈ অধিক মূল্যৰ ৪.৩২ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা হৈছে।

ড্ৰাগছসহ আটক কৰা যুৱকজনৰ নাম বিপ্লৱ দেৱ নাথ বুলি জানিব পৰা গৈছে।

যুৱকজনৰ ঘৰ লক্ষীমপুৰ জিলাৰ বিহপুৰীয়াত বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

বৰ্তমান যুৱকজনক মাজুলী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *