বানাক্ৰান্তৰ ৯৬,৮৪২ হাজাৰ পৰিয়ালে লাভ কৰিলে আৰ্থিক সাহায্য

বানাক্ৰান্তৰ সাহায্য প্ৰদানক লৈ সংবাদমেলযোগে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,বানাক্ৰান্তসকলৰ প্ৰথম পৰ্যায়ত ৬৪,৮৯১টা পৰিয়ালক দিয়া হৈছিল ১৫ হাজাৰ টকাকৈ। বৰ্তমানলৈ ৯৬,৮৪২ হাজাৰ পৰিয়ালে লাভ কৰিলে এই আৰ্থিক সাহায্য। শিৱসাগৰ সমষ্টিৰ ৩-৪ হাজাৰ পৰিয়ালক লৈ এতিয়াও অনুসন্ধান চলি আছে। অনুসন্ধানৰ অন্ত পৰিলে এই পৰিয়াল সমূহকো আৰ্থিক সাহায্য দিব লাগিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, বানাক্ৰান্ত চাৰিখন জিলাত ৰেপিড ডেমেজ এছেছমেণ্টৰ কাম চলি আছে। ১,১৪৪ গৰাকী শিক্ষকে ইয়াৰ লগত কাম কৰি আছে। বানৰ সময়ত খেতিপথাৰ নষ্ট হোৱা ৯৯ হাজাৰ ২৫৬জন কৃষকক এতিয়ালৈ চিনাক্ত কৰা হৈছে। ২৮ বা ২৯ আগষ্টত অন্ত পৰিব প্ৰথম পৰ্যায়ৰ জৰীপ। প্ৰথম পৰ্যায় অন্ত পৰাৰ পিছত প’ৰ্টেলত আপলোড কৰা হ’ব নাম অন্তৰ্ভুক্ত হোৱাসকলৰ তালিকা। কিবা অভিযোগ থাকিলে প’ৰ্টেলত তথ্যসমূহ চাই কৰিব পাৰিব।

১ ছেপ্টেম্বৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ জৰীপ আৰম্ভ হ’ব। জৰীপকৰ্তাসকল ঘৰে ঘৰে গৈ অভিযোগ গ্ৰহণ কৰিব। ছেপ্টেম্বৰৰ আগে আগে সকলো হৈ যাব। বৰ্তমানলৈ ৪৮০ কোটি টকাৰ ক্ষয়-ক্ষতি প’ৰ্টেলত আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *