বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ পালনাম সেৱা। ৩৭০ বছৰীয়া ঐতিহ্যময় পৰম্পৰা ৰক্ষা কৰি বৃহস্পতিবাৰৰ নিশাৰে পৰা অনুষ্ঠিত হৈছে পালনাম।
১৬৫৬ খৃষ্টাব্দত আই কনকলতা আৰু দামোদৰ আতাই বৰদোৱা থান পুনৰ উদ্ধাৰ কৰাৰ পিছৰে পৰা বৌদ্ধ পূৰ্ণিমা তিথিত নৰোৱা সত্রই নিৰবিচ্ছিন্নভাৱে পাতি অহিছে এই পালনাম সেৱা। পালনাম উপলক্ষে শুকুৰবাৰে ভকত বৈষ্ণৱৰ উপস্থিতিত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থানত।
কীৰ্ত্তনঘৰৰ থানৰ নামাচাৰ্য, পাঠক, গায়ন-বায়ন, দুই সত্ৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ, ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত খোল প্ৰসঙ্গ, নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিছে। ইফালে, সতী ৰাধিকা স্মৃতি দিৱস উপলক্ষে শান্তিজানৰ পাৰৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে।
সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত পুৱা পতাকা উত্তোলন, চিত্ৰাংকণ প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, নাম-প্ৰসঙ্গ, ধৰ্মালোচনী সভা আৰু নিশা অংকীয়া ভাওনা অনুষ্ঠিত হ’ব।