প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ অনবদ্য অৱদান সদায় স্মৰণীয় হৈ থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

দেশৰ অৰ্থনৈতিক বিপ্লৱৰ এগৰাকী অগ্ৰণী নেতা, বিশ্ববিশ্ৰুত অৰ্থনীতিবিদ, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ আজি মৃত্যুবাৰ্ষিকী।

২০২৪ চনৰ ২৬ ডিচেম্বৰৰ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ দেহাৱসান ঘটিছিল।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সামাজিক মাধ্যমত পোষ্ট কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে পোষ্টটোত লিখে- দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙক তেখেতৰ প্ৰথম পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছো। তেখেতৰ অনবদ্য অৱদান সদায় স্মৰণীয় হৈ থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *