প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মঙলবাৰে ইথিউপিয়াৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰা হয়। ইথিওপিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে।
এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ অন্যতম প্ৰাচীন দেশৰ এই বিশেষ বঁটা গ্ৰহণ কৰাটো তেওঁৰ বাবে এক সন্মানৰ কথা বুলি উল্লেখ কৰে। ইয়াৰ পূৰ্বে ৰাজধানী আদীছ আবাবাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইথিওপিয়াৰ প্ৰধানমন্ত্ৰী আবি আহমেদ আলীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।
এই বৈঠকত পাৰস্পৰিক স্বাৰ্থ জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। আনহাতে দুয়োখন দেশৰ মাজত বিভিন্ন খণ্ডত সহযোগিতাৰ লক্ষ্যৰে ৮ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়।