অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ দেহাৱসান।
আজি পুৱা ৮ বাজি ১০ মিনিটত শ্ৰীভূমি জিলাৰ বাৰৈগ্ৰামৰ নিজা বাসগৃহত ৬৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনি পুত্ৰ আৰু এগৰাকী কন্যাক ইহ সংসাৰত এৰি থৈ যায়।
উল্লেখ্য যে, দুদিন পূৰ্বে শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক শিলচৰৰ টাটা কেঞ্চাৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। পৰৱৰ্তী সময়ত শিলচৰৰ এখন ব্যক্তিগত হাস্পতালতো চিকিৎসাধীন হৈ আছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটা বাবে নিশা শেষবাৰৰ বাবে তেওঁক বাৰইগ্ৰামৰ নিজা বাসগৃহলৈ লৈ অহা হয়।
কংগ্ৰেছ দলৰ জৰিয়তে ৰাজনৈতিক জীৱনৰ পাতনি মেলা ছিদ্দিক আহমেদে অসম বিধানসভাত দক্ষিণ কৰিমগঞ্জ সমষ্টিত প্রতিনিধিত্ব কৰিছিল। ২০০১-২০১৬ চনলৈ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল জ্যেষ্ঠ ৰাজনীতিকগৰাকীয়ে। ৪বাৰ বিধায়ক হিচাপে নির্বাচিত হোৱা জ্যেষ্ঠ ৰাজনীতিকগৰাকীয়ে প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসভা সমবায় বিভাগৰ মন্ত্ৰী হিচাপেও গুৰু দায়িত্ব পালন কৰিছিল।