পঞ্চভূতত বিলীন উত্তৰ পূৱ বিজেপিৰ পিতামহ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰ দেহ
বৃহস্পতিবাৰে শিলচৰ স্মশান ঘাটত ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ।
মুখাগ্নি প্ৰদান কৰে তেওঁৰ পুত্ৰ তথা ৰাজ্যসভাৰ সাংসদ কনাদ পুৰকায়স্থই।
বৃহস্পতিবাৰে পুৱাৰ ভাগত প্ৰথমে তেওঁৰ নশ্বৰ দেহ শিলচৰ নতুন পট্টিস্থিত নিজ বাসভৱনলৈ অনা হয়। তাত ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰাৰ পিছত নশ্বৰদেহ লৈ যোৱা হয় ইটখলাৰ জিলা বিজেপিৰ কাৰ্যালয়লৈ। তাতে দলীয় নেতা-কৰ্মীসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
ইটখলাৰ পৰা কবীন্দ্ৰ পুৰকায়স্থৰ নশ্বৰ দেহ অনা হয় জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰলৈ। খেলপথাৰত প্ৰবীণ বিজেপি নেতাজনক শেষ শ্ৰদ্ধা নিবেদন কৰে।
ইফালে, ৰাজ্যিক বিজেপিৰ হৈ সভাপতি দিলীপ শকীয়াই গুৱাহাটী পৰা আহি প্ৰবীণ নেতাজনৰ প্ৰতি অন্তিম শ্ৰদ্ধা জনায়। তদুপৰি উপস্থিত আছিল বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়, শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা, তৃণমুল কংগ্ৰেছ ৰাজ্য সভাৰ সাংসদ সুস্মিতা দেব, বিভিন্ন দলৰ বিধায়কসহ অগণন গুণমুগ্ধ লোক।