নেপালত বানৰ সংহাৰী ৰূপ

মুহূৰ্ততে কাল ৰূপ ধাৰণ কৰিলে ভোটেকোশী নদীয়ে।

মুহূৰ্ততে তচনচ কৰি গ’ল ঘৰ- দুৱাৰ, অট্টালিকা

নেপালৰ ৰাছুৱা জিলাত হঠাৎ অহা বানে চলালে ধ্বংসযজ্ঞ।

জানিব পৰা মতে, ১,০০০ৰো অধিক লোক বানত উটি যোৱাৰ খবৰ পোৱা গৈছে। লগতে এই পৰ্যন্ত ৭জন লোক নিহত হৈছে ৰাছুৱাৰ টিমুৰে অঞ্চলত পুৱা প্ৰায় ৯-০০ বজাত চকুৰ পচাৰতে বানে ধাৰণ কৰে সংহাৰী ৰূপ।

বানপানীৰ ফলত জলবিদ্যুৎ প্ৰকল্পসমূহো ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে। লগতে একাধিক দলং উটুৱাই নিয়ে প্ৰলংকাৰী বানে।

প্ৰশাসনিক সূত্ৰ অনুসৰি, নেপালৰ ৰাছুৱা জিলাৰ ছ্যাফ্ৰুবেছি আৰু টিমুৰে অঞ্চল বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। এই অঞ্চলসমূহ ভোটেকোশী নদীৰ কাষত অৱস্থিত। নদীৰ জলস্তৰ আৰু পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰখাৰ লগতে নদীপাৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *