চতিয়াৰ কছাৰীগাঁৱত চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক। নিহত যুৱকজন বিশ্বনাথ চাৰিআলিৰ প্ৰসেনজিৎ দে বুলি জানিব পৰা গৈছে।
ইফালে, প্ৰত্যক্ষদৰ্শীৰ মতে, দুখন বাইকৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষতৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছিল।দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত হয় আন দুজন বাইক আৰোহী। আহত সকলক ১০৮সহায়ত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আনহাতে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। ঘটনাটোক লৈ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।