ধুবুৰীৰ গৌৰীপুৰৰ ৰঙামাটিৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
তেল টেংকাৰ আৰু চাৰিচকীয়া আৰ্টিকা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।
সংঘৰ্ষত শিশু-মহিলাসহ ৫ জনকৈ লোক আহত।
আহত সকলৰ ভিতৰত শিশু, মহিলা আৰু চালকজন গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাত আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
তেলৰ টেংকাৰখনৰ নম্বৰ AS-17-C-8356 আৰু চাৰিচকীয়া আৰ্টিকা বাহনখনৰ নম্বৰ AS-17-L-0704।
ঘটনাস্থলীত উপস্থিত হৈ গৌৰীপুৰ আৰক্ষী আৰম্ভ কৰিছে তদন্ত।