শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত পালেঙী ধ্যান পথাৰত পুৱতি নিশা আৰক্ষীৰ অভিযান।
জেষ্ঠ্য আৰক্ষী অধীক্ষক পাপৰি চেতিয়াৰ নেতৃত্বত তথা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ময়দুল ইছলাম, ডিমৌ আৰক্ষী আয়ুক্ত হীৰেন কুমাৰ ডেকাসহ আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই।
অভিযান কালত বীৰেন চেতিয়া ওৰফে ৰন্টু অসম(৩৪) নামৰ এজন দুধুৰ্ষ আলফা স্বাধীনৰ কেডাৰ গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হ’য়।
অভিযান কালত আৰক্ষীয়ে বীৰেন চেতিয়াৰ পৰা ৭ টা গ্ৰেণেড, এটা বটল গ্ৰেণেড, এটা ৯ এম এম বেৰেটা পিষ্টল, ১০ ৰাউণ্ড সজীৱ গুলি,নগদ ১৩৫০০ টকা, ম’বাইলসহ আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।
গ্ৰেপ্তাৰ কৰা আলফা ( স্বা:) কেডাৰ বীৰেন চেতিয়াৰ ঘৰ মৰাণ থানাৰ অন্তৰ্গত বেজপথাৰত।
কূটাঘাতৰ পৰিকল্পনাৰে আলফা স্বাধীনৰ কেডাৰ গৰাকীয়ে পালেঙীত আশ্ৰয় লৈছিলহি বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।