জব্দ ৫ কোটি টকাৰ নিষিদ্ধ ব্ৰাউন চুগাৰ;আটক সৰবৰাহকাৰীক

চুবুৰীয়া ৰাজ্য মণিপুৰত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযানত। অভিযানত মণিপুৰ আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰে।।

বিষ্ণুপুৰ কমাণ্ডোৰ এটা দলে এক গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ৫ কোটি টকা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, চূড়াচান্দপুৰৰ পৰা লিলোং অভিমুখে নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰাৰ এক নিশ্চিত খবৰ লাভ কৰিছিল বিষ্ণুপুৰ কমাণ্ডো বাহিনীয়ে। ইয়াৰ ভিত্তিত ক্বাকটা ৰেচম কেন্দ্ৰৰ সমীপত আৰক্ষীৰ দুটা দলে তীব্ৰ তালাচী অভিযান চলায়। সেই সময়তে সন্দেহযুক্তভাৱে আহি থকা এখন বাহনক আৰক্ষীয়ে বাধা দিয়ে।বাহনখনত তালাচী চলোৱাৰ সময়ত এক বিশেষ গোপন চেম্বাৰৰ ভিতৰত লুকুৱাই থোৱা ১০টা প্লাষ্টিকৰ পেকেট উদ্ধাৰ হয়। এই পেকেটকেইটাত মুঠ ৫.১৪৮ কেজি নিষিদ্ধ ব্ৰাউন চুগাৰ আছিল।

আৰক্ষীয়ে নিষিদ্ধ নিচাজাতীয় সামগ্ৰীখিনি জব্দ কৰাৰ লগতে বাহনখনৰ চালক তথা সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজন লিলোং চিংজাওৰ বাসিন্দা ৪৭ বছৰীয়া মো: আমজাদ খান বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। তালাচী কালত আমজাদ খানৰ জিম্মাৰ পৰা নিচাজাতীয় সামগ্ৰীৰ ওপৰি নগদ ৮৩,৭৭০ টকা আৰু এখন বাহনখন জব্দ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *