জব্দ ৩০ লাখ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী;আটক ২ সৰবৰাহকাৰী

দক্ষিণ শালমাৰা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।।অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু কফ ছিৰাপ জব্দ কৰাৰ লগতে দুজন সন্দেহযুক্ত সৰবৰাহকাৰীক আটক কৰে

এক গোপন খবৰৰ ভিত্তিত দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ লস্কৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজি দিনৰ প্ৰায় ২ বজাত ধুবুৰী-ফুলবাৰী সংযোগী নদী পথত অভিযান চলায়। অভিযানৰ সময়ত এখন ইঞ্জিনচালিত নাওত ২১ হাজাৰ ৮১৬টা নিচাজাতীয় টেবলেট আৰু ৩০০টা নিচাজাতীয় কফ ছিৰাপ জব্দ কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা বুলি ধাৰণা কৰা হৈছে। ধুবুৰীৰ পৰা দক্ষিণ শালমাৰালৈ অবৈধভাৱে কঢ়িয়াই অনা এই নিচাজাতীয় সামগ্ৰীখিনিৰ লগতে সৰবৰাহত ব্যৱহৃত ইঞ্জিনচালিত নাওখনো আৰক্ষীয়ে জব্দ কৰে।

এই অভিযানত নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত দুজন ব্যক্তিক আটক কৰা হয়। আটকাধীন লোক দুজনৰ ভিতৰত এজন মানকাচৰ থানা এলেকাৰ কুকুৰমাৰা গাঁৱৰ ছলিবৰ শ্বেখৰ পুত্ৰ ৰাজীৱ মিঞা (২৫) আৰু আনজন দক্ষিণ শালমাৰা থানা এলেকাৰ বৰকলীয়া গাঁৱৰ আব্দুল কৰিমৰ পুত্ৰ মনিৰ উদ্দিন (৪৩) বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *