চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থী হ্ৰাসক লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ স্পষ্টীকৰণ

ৰাজ্যৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ক লৈ বিধায়ক অখিল গগৈৰ অভিযোগ।বিজেপি চৰকাৰৰ দিনত ২৬ লাখ ছাত্ৰী-ছাত্ৰীৰ সংখ্যা চৰকাৰী খণ্ডত কমি গৈছে। শিক্ষকৰ অভাৱৰ সমস্যা সমাধানৰ আহ্বান জনাই অসমৰ শিক্ষাখণ্ডক জীয়াই ৰখাৰ উদ্দেশ্যৰে অখিল গগৈয়ে উত্থাপন সভা স্থগিতৰ প্ৰস্তাৱ।

অখিল গগৈৰ অভিযোগৰ পাছতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অখিল গগৈয়ে দিয়া তথ্যসমূহ ভুল বুলি মন্তব্য কৰে ডাঃ ৰণোজ পেগুৱে।

শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, ‘‘চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ নামভৰ্তি হ্ৰাস এক সৰ্বভাৰতীয় ধাৰা। দেশত সামগ্ৰিকভাৱে চৰকাৰী বিদ্যালয়ত ৪.৪% শিক্ষাৰ্থী হ্ৰাস পাইছে। অসমৰ চৰকাৰী বিদ্যালয়ত এই হাৰ ৪.১ শতাংশ। অসমত প্ৰাথমিকত নাম ভৰ্তি হ্ৰাস পালেও মাধ্যমিক স্তৰত বৃদ্ধি পাইছে। জন্মৰ হাৰ কমি অহাতো বিদ্যালয়ত নামভৰ্তি হ্ৰাসৰ কাৰণ।’’

শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে ‘‘ভুৱা তথ্যপাতিৰে নাম ভৰ্তি কৰাৰ বাবে ৩ লাখ ছাত্ৰ-ছাত্ৰীৰ নাম বাদ দিয়া হৈছে। প্ৰাথমিক স্তৰত ছাত্ৰ-ছাত্ৰী হ্ৰাস পালেও মাধ্যমিক স্তৰত এই হাৰ বৃদ্ধি পাইছে। ২ লাখ ১২ হাজাৰ ছাত্ৰ-ছাত্ৰীহে বিগত তিনিবছৰত হ্ৰাস পাইছে। অখিল গগৈয়ে শিক্ষা বিভাগতো বুজিয়েই নাপায়৷ তেওঁ শিক্ষা বিভাগটোৰ ওপৰত অধ্যয়ন কৰক। কাৰিকৰী বিষয় সমূহ ঐছিক বিষয়৷ কোনে কি বিষয় ল’ব সেয়া ছাত্ৰছাত্ৰীৰ ওপৰত নিৰ্ভৰ কৰে৷’’

Leave a Reply

Your email address will not be published. Required fields are marked *