চামগুৰিত দলবদ্ধ আক্ৰমণৰ ঘটনা; যুৱকক হানি-খুচি হত্যা

চামগুৰিৰ বাজিয়াগাঁৱত দলবদ্ধ আক্ৰমণৰ ঘটনা।

শুকুৰবাৰে নিশা চামগুৰিৰ বাজিয়াগাঁৱত দলবদ্ধ আক্ৰমণৰ ঘটনা। একেখন গাঁৱৰে ৬-৭ জনীয়া উদণ্ড যুৱকৰ দল এটাই বাজিয়াগাঁৱৰ আবুল কাচেম নামৰ যুৱকজনক চোকা অস্ত্ৰৰে হানি-খুচি আক্ৰমণ কৰিছিল। এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল যুৱকজন। আহত যুৱকজনক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত। কিন্তু চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় আবুল কাচেম নামৰ যুৱকজনৰ।

মৃত আবুল কাচেম চামগুৰিৰ বাজিয়াগাঁও পঞ্চায়তৰ বিজেপিৰ এজন সক্ৰিয় সদস্য আছিল। যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি চামগুৰিৰ বাজিয়াগাঁৱত বৰ্তমানেও অব্যাহত আছে চেপা উত্তেজনা।চামগুৰিত বিজেপি কৰ্মীক হানি-খুচি হত্যা, ৬-৭ জনীয়া এটা দলে চোকা অস্ত্ৰৰে কৰিছিল আক্ৰমণ

Leave a Reply

Your email address will not be published. Required fields are marked *