চামগুৰিত কৃত্ৰিম বানে সংহাৰী ৰূপ

চামগুৰিত কৃত্ৰিম বানে সংহাৰী ৰূপ।মাত্ৰ এজাক বৰষুণতে চামগুৰি ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা গুৰুত্বপূৰ্ণ উপ-পথ সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ গৈছে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, এই কৃত্ৰিম বানপানী কোনো প্ৰাকৃতিক কাৰণত হোৱা নাই, বৰঞ্চ ইয়াৰ আঁৰত আছে বিভাগীয় কৰ্তৃপক্ষৰ চৰম গাফিলতি। উপ-পথটোৰ কাষত থকা পানী নিষ্কাষণৰ নলা সমূহ জাবৰ-জোঁথৰ পৰি বন্ধ হৈ যোৱাৰ বাবেই বৰষুণৰ পানী ওলাই যাব নোৱাৰি পথৰ ওপৰলৈ বাগৰি আহিছে।

আনফালে, বিভাগীয় কৰ্তৃপক্ষই প্ৰথমৰে পৰা নলাসমূহ অতি সৰুকৈ নিৰ্মাণ কৰিছিল। তাৰোপৰি, এই নলাসমূহ নিয়মিত তথা সঠিকভাৱে চাফ-চিকুন নকৰাৰ ফলতেই সামান্য বৰষুণতে সমগ্ৰ উপ-পথটো কৃত্ৰিম বানৰ কৱলত পৰিবলগীয়া হৈছে। লগতে উপ-পথটো জলমগ্ন হৈ পৰাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল আৰু সাধাৰণ পথচাৰীসকলে চৰম দুৰ্ভুগ ভুগিবলগীয়া হৈছে। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ভিতৰতেও পানী সোমাই পৰাৰ ফলত ক্ষয়-ক্ষতিৰ আংশকা বৃদ্ধি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *