উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত ভয়ংকৰ ঘটনা। নয়দাৰ পৰা প্ৰায় ৩৩ কিলোমিটাৰ নিলগৰ জেৱাৰ কাৰ্গো বিমানবন্দৰৰ সমীপত যমুনা এক্সপ্ৰেছৱে’ত এখন শ্লীপাৰ বাছত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।অগ্নিকাণ্ডৰ ফলত এগৰাকী মহিলাসহ কমেও ৯ জন লোক জ্বলি মৃত্যু হয় ৷
গুৰুতৰভাৱে অগ্নিদগ্ধ হয় হৈ আহত হয় কেইবাজনো লোক ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত বাছখনত ৩০ জনতকৈ অধিক লোক আছিল । অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় আৰু বহুতে খিৰিকীৰ আইনা ভাঙি বাছৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰে ৷
বিষয়াসকলে জনোৱা মতে, এগৰাকী মহিলাকে ধৰি ৯ জন যাত্ৰী ভিতৰত আবদ্ধ হৈ জুইৰ শিখাত জীৱন্তে জ্বলি মৃত্যু হয় ৷
ইফালে দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল আৰু জেৱাৰ থানাৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰে ৷ বাছৰ পৰা যাত্ৰীসকলক উলিয়াই নিৰাপদ স্থানলৈ অনা হয় ৷ খবৰ অনুসৰি বাছৰ খিৰিকী ভাঙি কেইবাজনো যাত্ৰীক উদ্ধাৰ কৰা হয় ৷
এই ভয়ংকৰ ঘটনাত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা নিহত লোকৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰে ।