ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ অধীনত ৪ ডিচেম্বৰ ২০২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা ১০০ দিনীয়া বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি গোলাঘাটত এক সজাগতা ৰেলীৰ আয়োজন কৰা হয়।
জিলা আইন সেৱা প্ৰাধিকৰণ, গোলাঘাটৰ উদ্যোগত তথা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত গোলাঘাট জিলা সত্ৰ ন্যায়িক আদালতৰ কাৰ্যালয়ৰ পৰা এই সজাগতা ৰেলীখন উলিওৱা হয়। বাল্য বিবাহৰ কু-প্ৰভাৱ সম্পৰ্কে সমাজক সচেতন কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই ৰেলী জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ তথা গোলাঘাট জিলা সত্ৰ ন্যায়াধীশ ৰফিক আমচাদ তাপাদাৰে ফ্লেগ অফ কৰি শুভ উদ্বোধন কৰে। ৰেলীটো নগৰৰ বিভিন্ন পথ অতিক্ৰম কৰি পুনৰ গোলাঘাট জিলা সত্ৰ ন্যায়িক আদালতৰ কাৰ্যালয়ত অন্ত পৰে।