খাৰুপেটীয়াত ২ নং কুঁৱৰী পুখুৰীত পুৱতি নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড।
গৃহস্থৰ হাত-মুখ বান্ধি ডিঙিত চোকা অস্ত্ৰ ধৰি পাঁচ জনীয়া ডকাইতৰ দলে লুটিলে প্ৰায় ১৪ লাখ ৭০ হাজাৰ নগদ ধন।
গৃহস্থৰ মুখত সোপা মাৰি লুটিলে সোন-ৰূপৰ আ-অলংকাৰ।
ঘৰৰ ভিতৰৰ সকলো সা-সামগ্ৰী লণ্ড-ভণ্ড কৰি আলমিৰাৰ লকাৰ ভাঙি লুটিলে ধন,আ-অলংকাৰ।
ডকাইতৰ দলে লোহাজাতীয় সামগ্ৰীৰে দৰ্জাৰ লক ভাঙি ভিতৰলৈ প্ৰৱেশ কৰাৰ সন্দেহ ভুক্তভোগীৰ।
২ নং কুঁৱৰী পুখুৰী গাঁৱৰ বাহাৰুল ইছলামৰ বাসগৃহত সংঘটিত হোৱা ডকাইতি কাণ্ডই অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্য।
উল্লেখযোগ্য যে- ভুক্তভোগী বাহাৰুল ইছলামে এখন দোকানৰ বাবদ দিব লগা ধনৰ বাবে নিজৰ লগত জমা কৰি আছিল নগদ ধন।
ঘটনাস্থলীত খাৰুপেটীয়া আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।