সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাই আজি গুৱাহাটীৰ চচলত বিভিন্ন দাবীৰ সমৰ্থনত তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। আদিবাসী সমাজৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধানৰ দাবীত সংগঠনটোৱে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে।
গুৱাহাটীৰ চচলত অনুষ্ঠিত এই ধৰ্ণা কাৰ্যসূচীত আছাৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া তথা বহু সদস্যই অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে আদিবাসীসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান, চাহ শ্ৰমিকৰ নূন্যতম দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি, গাঁও-বাগিচাত বসবাস কৰা আদিবাসীসকলক ম্যাদী মাটিৰ পাট্টা প্ৰদান, অসম চাহ নিগম আৰু এন্দ্ৰ উইল কোম্পানীৰ মৃতপ্ৰায় চাহ বাগিচাসমূহ পুনৰুজীৱিত কৰাৰ লগতে অসম-নাগালেণ্ড সীমা সমস্যাৰ শীঘ্ৰ সমাধানৰ দাবী উত্থাপন কৰে।
আছাৰ নেতাসকলে কয় যে, দীৰ্ঘদিন ধৰি এই দাবীসমূহ উত্থাপন কৰি আহিলেও চৰকাৰে কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই। শীঘ্ৰেই দাবীসমূহ পূৰণ নকৰিলে ৰাজ্যজুৰি অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠনটোৱে।
তিনি ঘণ্টীয়া এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আছাই চৰকাৰক অতি সোনকালে দাবীসমূহ পূৰণৰ আহ্বান জনাইছে।