গুৱাহাটীৰ কুমাৰপাৰাৰ ধৰ্মপ্ৰাণা মহিলা নিভা বৈশ্যৰ দেহাৱসান

গুৱাহাটীৰ কুমাৰপাৰাৰ ধৰ্মপ্ৰাণা মহিলা নিভা বৈশ্যৰ দেহাৱসান।নিশা প্ৰায় ১২ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ।

উল্লেখ্য যে, নিভা বৈশ্যৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ কুমাৰপাৰা অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে। তেওঁৰ বাসগৃহত গুণমুগ্ধ তথা শুভাকাংক্ষীসকলে শেষ শ্ৰদ্ধা জনাবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ, এগৰাকী বোৱাৰী, দুই নাতিৰ লগতে অলেখ আত্মীয়-স্বজন আৰু গুণগ্ৰাহী ইহসংসাৰত এৰি থৈ গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *