গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজৱ কাণ্ড। এগৰাকী কৰ্তব্যৰত নাৰ্ছে। জ্বৰ হোৱা ৰোগীক বৃক্ক ৰোগৰ বেজী দিয়াৰ অভিযোগ।
শুকুৰবাৰে নিশা কৰ্তব্যত থকা এগৰাকী প্ৰশিক্ষণৰত নাৰ্ছে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ।
ঘটনাৰ বিৱৰণী অনুসৰি, নিশাৰ ডিউটীত থকা প্ৰশিক্ষণৰত এগৰাকী নাৰ্ছে আন ৰোগীক দিবলগীয়া বেজী দিলে কবিতা ডেকা নামৰ এগৰাকী জ্বৰ হোৱা মহিলাক। বেজী দিয়াৰ পাছতেই ৰোগীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে। কবিতা ডেকা নামৰ ৰোগীগৰাকীৰ দেহত বিভিন্ন ধৰণৰ উপসৰ্গই দেখা দিয়ে
এই ঘটনাৰ পিছতে ৰোগীৰ পৰিয়ালে জৱাবদিহি কৰাত বেজী দিয়াৰ কথা স্ৱীকাৰ কৰে নাৰ্ছগৰাকীয়ে। হেড নাৰ্ছ মীনাক্ষী দুৱৰাৰ নেতৃত্বত ডিউটী কৰিছিল উক্ত নাৰ্ছগৰাকীয়ে। এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতে প্ৰশিক্ষণৰত নাৰ্ছগৰাকীক অব্যাহতি দিয়া হয়। ঘটনা সন্দৰ্ভত তদন্ত ঘোষণা কৰিছে GMCHৰ অধীক্ষকে।