খাৰুৱা তেল চুৰি চক্ৰৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ সৰুপথাৰৰ CDSP দীপেন পাটৰক

সৰুপথাৰৰ CDSP দীপেন পাটৰক গ্ৰেপ্তাৰ। ONGCৰ পাইপলাইনৰ পৰা খাৰুৱা তেল চুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ CDSP পাটৰক।

গোলাঘাট আৰক্ষীৰ এটা বৃহৎ দলে গ্ৰেপ্তাৰ কৰে পাটৰক।

তদন্তত CDSP দীপেন পাটৰৰ কল ৰেকৰ্ডিঙৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেল চুৰি কৰি থকাৰ সময়ত তেল চোৰৰ সৈতে ফোনত কথা পাতিছিল CDSP পাটৰে। আৰক্ষীৰ অভিযানৰ পূৰ্বেও তেল চোৰৰ মাতৃৰ সৈতে ফোনত কথা পাতিছিল পাটৰে। CDSP পাটৰৰ পৰামৰ্শ মতেই আৰক্ষী যোৱাৰ পূৰ্বেই চিকিৎসাধীন হৈছিল তেল চোৰৰ মাতৃ।

Leave a Reply

Your email address will not be published. Required fields are marked *