খাৰুপেটীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।অভিযানত ৩ জুৱাৰীক আটক।
খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত নগাজান গাঁৱত আৰক্ষীয়ে জুৱাৰ বিৰুদ্ধে এক অভিযান চলায়।
গোপন সূত্ৰ পম খেদি নগাজান বি গাঁৱত চলোৱা এই অভিযানত আৰক্ষীয়ে জুৱা খেলি থকা অৱস্থাত তিনিজন লোকক হাতে-লোটে আটক কৰে।
আটকাধীন লোক কেইজন হৈছে আব্দুল মুতালেব, মুক্তাৰ হুছেইন , মান্নান আলী।
আটকাধীন তিনিওজনৰে ঘৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত নগাজান গাঁৱত বুলি জানিব পৰা গৈছে।
অভিযানকালত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুখন তিৰপাল, নগদ ১০০০ টকা, এবাণ্ডিল তাচপাত আৰু দুটা মোবাইল ফোন জব্দ কৰে।
আটকাধীন লোক কেইজনৰ বিৰুদ্ধে অসম গেম এণ্ড বেটিং আইনৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।