, কামৰূপ জিলাৰ কমলপুৰ, চৌকিগেট, হাজো আৰু ৰঙিয়াত এঘাৰ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে দুৰ্গতিনাশিনী মা দুৰ্গাৰ আৰাধনা। দেৱীৰ বন্দনা, পূজা-অৰ্চনাৰ মাজেৰে সৃষ্টি হৈছে এক আধ্যাত্মিক পৰিৱেশ।
ইয়াৰ সমান্তৰালভাৱে প্ৰতিপদ তিথিত কমলপুৰ আৰু চৌকিগেটত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয়। অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে।
ঢুলীয়া, ওজাপালি, বিহু আৰু বাগৰুম্বাৰ মনোমোহা পৰিৱেশনেৰে মুখৰিত হৈ পৰে বৃহত্তৰ অঞ্চল।